A Khabor digital

A Khabor digital

Share

Assam Hindi news live
( follow for more) local news will come every day

23/09/2026

ডুমডুমাৰ হাহঁচৰা চাৰিআলি পথাৰ গাঁৱত এগৰাকী অসহায় স্বামীহাৰা মহিলাৰ ওপৰত চলা অমানৱীয় অত্যাচাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

অভিযোগ অনুসৰি বিদ্যুৎক লৈ হোৱা বিবাদৰ সূত্ৰ ধৰি মতিলাল চা আৰু পৱন চা নামৰ দুজন ব্যক্তিয়ে মহিলা গৰাকীৰ ঘৰত প্ৰৱেশ কৰি শাৰীৰিকভাৱে অপদস্থ কৰে। ইমানেই নহয়, বাহেৰে বেয়াকৈ মাৰধৰ কৰি মহিলা গৰাকীক আহত কৰাৰ অভিযোগ উঠিছে।

23/09/2026

বঙাইগাৱত এগৰাকা বোৱাৰীক প্ৰায় ৮ মাহ ধাৰ ঘৰত আবদ্ধ কৰি ৰাখি মানসিক নির্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি, বিয়াৰ এসপ্তাহৰ পাছৰে পৰা স্বামীয়ে পত্নীৰ ওচৰত যৌতুক দাবী কৰি বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰি আহিছিল।

পত্নীৰ অভিযোগ অনুসৰি, স্বামীয়ে আন পৰিয়ালে বিয়াত অধিক ধন-সম্পত্তি দিয়াৰ উদাহৰণ দি তেওঁকো কমেও এখন চাৰিচকীয়া বাহনৰ চাবি আৰু প্ৰায় ৫০ লাখ টকাৰ যৌতুক দিব লাগিছিল বুলি দাবী কৰিছিল।

23/09/2026

এম্বুলেন্সত ওলাল চোৰাং গৰু
গোলকগঞ্জৰ আগমনিত আৰক্ষীৰ অভিযানত ৩ টাকৈ চোৰাং গৰুসহ জব্দ এম্বুলেন্স

22/09/2026

মাৰ্ঘেৰিটাৰ ইনথেমত ৰহস্যজনক ঘটনা।

বুঢ়ীদিহিং নৈত মাছ মাৰিবলৈ গৈ সন্ধানহীন জিতু ফুকন ওৰফে মণি(২৫)।

​মাৰ্ঘেৰিটাৰ ইনথেমত বুঢ়ীদিহিং নৈৰ বুকুত সংঘটিত হৈছে এক হৃদয়বিদাৰক তথা ৰহস্যজনক ঘটনা।

উলুপ গাঁৱৰ জিতু ফুকন ওৰফে মণি নামৰ লোকজনে নিশা মাছ মাৰিবলৈ গৈ ৰহস্যজনকভাৱে নৈৰ বুকুত সন্ধানহীন হৈ পৰে।

22/09/2026

*শিৱসাগৰ ৰেল ষ্টেচনত দেখা গল অভাৱনীয় পৰিৱেশ।

*উজনিৰ পৰা গুৱাহাটীলৈ বুলি ৰেলেৰে প্রায় দহ হাজাৰ লোকৰ যাত্রা।

*কালিলৈ গুৱাহাটীত উজনিৰ বানপীড়িত লোকক লৈ ৰাইজৰ দলে আয়োজন কৰিছে বিশাল গণ সমাবেশ।

22/09/2026

*শিৱসাগৰ ৰেল ষ্টেচনত দেখা গল অভাৱনীয় পৰিৱেশ।

*উজনিৰ পৰা গুৱাহাটীলৈ বুলি ৰেলেৰে প্রায় দহ হাজাৰ লোকৰ যাত্রা।

*কালিলৈ গুৱাহাটীত উজনিৰ বানপীড়িত লোকক লৈ ৰাইজৰ দলে আয়োজন কৰিছে বিশাল গণ সমাবেশ।

22/09/2026
22/09/2026

পাৱৈ অঞ্চলত দ্বিতীয় বৈকুণ্ঠৰ ৰূপ।

মাৰ্ঘেৰিটাৰ ১৩৪টা নামঘৰৰ যৌথ উদ্যোগত বিশাল ভাগৱত শুভাযাত্রা

ৰূপান্তৰৰ খনিকৰ তথা অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮তম জন্ম জয়ন্তী উপলক্ষে মাৰ্ঘেৰিটা সমজিলাৰ ১৩৪টা নামঘৰৰ যৌথ মঞ্চৰ উদ্যোগত পাৱৈৰ নৱজ্যোতি সাৰ্বজনীন নামঘৰত চাৰিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষজনাৰ জন্মোৎসৱ উদযাপন কৰা হৈছে কাৰ্যসূচীৰ।

22/09/2026

যুৱক-যুৱতীসকল ড্ৰাগছ সেৱনৰ পৰা ৰক্ষা পৰিলেহে আমাৰ সমাজখন শক্তিশালী আৰু সুৰক্ষিত হ’ব। তিনিচুকীয়া ভ্ৰমণৰ সময়ত অসমৰ সন্মানীয় ৰাজ্যপাল মহোদয়ে যুৱ প্ৰজন্মক ড্ৰাগছৰ কৱলৰ পৰা মুক্ত কৰাৰ সংকল্পৰে এই গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰে। তেওঁ উল্লেখ কৰে যে যুৱ প্ৰজন্মই হৈছে দেশ আৰু সমাজৰ ভৱিষ্যত, গতিকে তেওঁলোকক বিপথে যোৱাৰ পৰা ৰক্ষা কৰাটো সকলোৰে নৈতিক দায়িত্ব।
ৰাজ্যপালৰ বাৰ্তাৰ মূল দিশসমূহ

Category

Address


Tinsukia