Sibaji The Boss

Sibaji The Boss

Share

Hi frnds

19/03/2024

বিলাই দিছো, পঢ়িব।
–--------------------------

অসমীয়া ভাষা আৰু নিবনুৱা

অলপদিনৰ আগতে পেট্ৰ'ল পাম্পত পেট্ৰ'ল ভৰাবলৈ গৈছিলো। তেল দিয়া ল'ৰাটোক ক'লো সাতশ উনত্ৰিশ টকাৰ দিয়া ।সি কৈছে " কিটনা ? "মই ক'লো সাতশ উনত্ৰিশ। সি হিন্দীত ক'বলৈ ক'লে নক'লো। বেচেৰাই বুজি নাপাই ইজনৰ মুখলৈ চালে, সিজনৰ মুখলৈ চালে। মোৰ পাছৰজনক সি পুনৰ সুধিলে "কিটনা ? " মোৰ পাছৰজনে মোৰ দৰেই ক'লে তিনিশ উনচল্লিছ । পেট্ৰ'ল ডিপোত তেল ভৰাবলৈ অহা প্ৰত্যেকেই কথাটো লক্ষ্য কৰি আছিল। সকলোৱে তেনেধৰণেই পেট্ৰ'ল বিচাৰিলে। এটা সময়ত কাউণ্টাৰৰ পৰা আনএজন মানুহ আহি সকলোকে অসমীয়াতে কথা সুধি পেট্ৰ'ল দিলে । লগৰবোৰক কথাটো ক'লোহি। সিহঁতেও পেট্ৰ'ল ভৰাব আহিলে তেনেদৰেই অসমীয়াত কয়। দুদিনমান আগত তাত পেট্ৰ'ল ভৰাব গৈ দেখিলো অসমীয়া ছোৱালী এজনীয়ে পেট্ৰ'ল দি আছে। অসমৰ এনেকুৱা হাজাৰ হাজাৰটা পেট্ৰ'ল পাম্পত আপোনালোকে অসমীয়াত কথা ক'বলৈ লওকছোন হাজাৰটা তেল দিয়া অসমীয়া ল'ৰা পাব ।
দিনটোত আমাৰ প্ৰত্যেকৰে ভালেমান ফোনকল আহে ।বিভিন্ন কোম্পানীৰ প্ৰমোশ্যনেল কল। বিভিন্ন ইঞ্চুৰেঞ্চ কোম্পানী ,বিভিন্ন সামগ্ৰী নিৰ্মাতা কোম্পানী ,হস্পিটেলিটি,টেলিকম, ডি টি এইচ ,গাড়ী বিক্ৰী তথা এশ এটা কোম্পানীৰ ফোন আহে। সেই কোম্পানীবোৰে কল চেণ্টাৰৰ জড়িয়তে বা নিজা পাব্লিক ৰিলেশ্ব্যন চেণ্টাৰ ,চেলছ এক্সিকিউটিভৰ দ্বাৰা এই ফোনবোৰ কৰোৱাই। উদ্দেশ্য নিজৰ নিজৰ কোম্পানীৰ ব্যৱসায় বিস্তাৰ কৰা। নিজৰ নিজৰ প্ৰডাক্ট বা সেৱা বিক্ৰী কৰাই তেওঁলোকৰ উদ্দেশ্য ।আগতে এনেকুৱা ফোন আহিলে সাধাৰণতে ফোনটো কাটি দিও ।আজিকালি আজৰি সময়ত তেনেকুৱা ফোনকল আহিলে ফোনটো উঠাও। হিন্দী বা ইংৰাজীত সিফালৰ পৰা কথা কোৱা আৰম্ভ কৰে ।মই অসমীয়াতএ কও " সুপ্ৰভাত বা শুভ আবেলি " । ফোনকৰাজনে কিবা বুজি পায়নে নাপাই নাজানো। কিন্তু বাৰে বাৰে একেটাই কথা কয় "Sir are you comfortable in English or Hindi ?
মই হিন্দী বা ইংৰাজী কথা খিনিযে বুজি নাই পোৱা তেনে নহয়। উত্তৰটোও হিন্দী বা ইংৰাজীত দিব পাৰো। কিন্তু অসমীয়াত কও।অসমীয়াত কথা ক'বলৈ কও ।কাৰণ মোৰ প্ৰয়োজনতটো সিহঁতক ফোন কৰা নাই যে মোৰ মাতৃভাষা বাদ দি বেলেগ ভাষাত কথা পাতিম। এটা সময়ত সিহঁতে ফোনটো কাটি দিয়ে আৰু হিন্দী বা ইংৰাজীতে কয় যে "আপোনাৰ সৈতে অতি সোনকালেই অসমীয়াত যোগাযোগ হ'ম " ।কেতিয়াবা কেতিয়াবা দুই তিনিদিন পাছত অসমীয়াত পুনৰ কলবেক কৰে।
কথাটো দেখাত সাধাৰণ। কিন্তু সাধাৰণ নহয়। প্ৰত্যেকজন অসমীয়া মানুহে যদি এনেধৰণৰ ফোনকলবোৰত অসমীয়াত কথা পাতিবলৈ লয় দেশৰ প্ৰত্যেকটো কোম্পানীত এজন হ'লেও অসমীয়া যুৱক যুৱতী চাকৰিত ৰাখিব যি অসমীয়া মানুহৰ সৈতে যোগাযোগ কৰিব। আজিকালি এনেও অনলাইনত সামগ্ৰী আৰু সেৱা বিক্ৰী বহু বাঢ়ি গৈছে। গুজৰাট, হাৰিয়ানা,দিল্লী, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আজি হ'ল গোটেই দেশৰ ব্যৱসায় বাণিজ্য নিয়ন্ত্ৰণ কৰি ৰখা ঠাই। এই অঞ্চলৰ ভাষা ব্যৱহাৰ কৰি সকলোতে নিজৰ সামগ্ৰী বা সেৱা বিক্ৰী কৰে । মোক কোনোবাই বস্তু বিক্ৰী কৰিব আৰু সিহঁতে মোৰ ভাষাত কথা পাতিব নোৱাৰে সেইটো আকৌ কেনেকুৱা কথা ।
ঘৰুৱা বস্তু আনিবলৈ দোকান গ'লো।দোকানীজন অসমীয়াই । দোকানীজনক বুট আধা কেজি দিবলৈ ক'লো। দোকানীজনে দোকানত কাম কৰা ল'ৰাটোক ক'লে " চানা হাফ কিলো " । মই ক'লো মোক বুটহে লাগে। দোকানীজনে হাঁহি ক'লে ইহঁতি (কাম কৰা ল'ৰাটো)চানা বুলিহে কয়। মই ক'লো আপুনি লিখোতেও চানাহে লিখিছে কিন্তু। এতিয়া মই দোকানত গ'লে বুট আধা কিলো বুলিয়েই জুখিবলৈ কয় ।
বুট বুলিয়েই লিখে ।

*নিজৰ ভাষাটোক সন্মান সহকাৰে ব্যৱহাৰ কৰাতহে অসমীয়াৰ জাতীয়তাবোধ আছে। কেৱল ভাষা গ'ল ভাষা গ'ল বুলি ক'লেই অসমীয়া ভাষা ৰক্ষা নহয় ।

(কোনে লিখা নাজানো, ) মই কপি কৰিছো।

22/02/2024

Happy Anniversary
9 Years completed

17/02/2024
17/07/2022

Keral local mas

Category

Website

Address


Khardang, Krishnai
Goalpara
783126

Alerts

Be the first to know and let us send you an email when Sibaji The Boss posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Goalpara.