ROHIT Hazarika

ROHIT Hazarika

Share

No esu

09/03/2026
13/10/2025

আমাক ন্যায় লাগে l

06/10/2024

Run🏃🏻‍♂️ Event

27/11/2021

11/10/2021

জম্মু-কাশ্মীৰত সন্ত্রাসবাদীৰ লগত যুঁজি প্ৰাণ আহুতি দিয়া বীৰ সৈনিক কেইজনৰ আত্মাৰ চিৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিলোঁ।
জয় হিন্দ🇮🇳

09/10/2021

এক মিনিটৰ গল্প:

# স্নেহ বান্ধোন

" মা , কেনেকৈ ইয়াত সদায় অকলে থাকিবা‌ ! আমাৰ লগতে ব'লা ।"

" ৰহচোন ,ইমান ডাঙৰ ঘৰ-বাৰী ,গৰু-গাই -কেনেকৈনো এৰি যাওঁ অ' !"

"সেইটো পিছে হয় । কিন্তু সদায়নো কেনেকৈ অকলশৰে থাকিবা ? এইবাৰেই চোৱাচোন , তোমাৰ বেমাৰত আমি আহি পালো বুলিহে ।লোকেনো সদায় কিমান সহায় কৰিব ! এতিয়া গাত অকণমান বল-জোৰ আছে বুলি চলি আছা ।সদায়তো দিনবোৰ সমানে নাযায় ।বয়স বেছি হ'লে চলিব পাৰিবা জানো ?"

"হয় অ' বোপাই নোৱাৰিম ।তই কোৱা কথাবোৰ সঁচা । কিন্তু ঘৰখন এৰি যাবলৈ মন নাযায় অ'!"

"হয় মা , তোমাৰ কথাও বুজিছোঁ ।ইমান দিনে থকা আপোন ঘৰখন এৰা খুবেই টান‌। তথাপিও আন কথাবোৰ ভাবিব নালাগিব জানো ? যেনে ধৰা ক্ৰমে দুৰ্বল হৈ পৰা তোমাৰ দৈহিক অৱস্থাটো ?"

"তাকে বোপাই ।কি কৰা যায় জানো !"

"এটা কাম কৰিলে কেনে হয় -হৰিকাইকে ইয়াত পৰিয়ালৰ সৈতে থাকিব কওঁ নেকি ?মাটি -বাৰী খিনিও চাব পাৰিব ।"

" কৰিব পাৰি ।হৰিয়ে অৱশ্যে এবাৰ ক'লেই আহিব ।"

কথা মতেই কাম কৰি তেওঁলোক যাব ওলাল । গাঁৱৰ আটাইকে সেমেকা দুচকুৰে মাত দি সৰুধনৰ লগত মাক দেশ এৰি বিদেশ পালেগৈ।
আহি পোৱাৰ পিছতেই সৰুধনে মাকক পৰিবেশনৰ সৈতে খাপ খুৱাবলৈ কেৱল ৰূম হিটাৰৰ মাজতে ৰাখিলে । কাৰণ নিজৰ আপোন দেশতকৈ ইয়াত বৰ ঠাণ্ডা ।

লাহে লাহে মাক নতুন পৰিবেশনৰ সৈতে মিলিব পৰা হ'ল ।মাক যোৱা বুলি গম পাই অঞ্চলটোৰ গোটেই ভাৰতীয় মানুহখিনি আহি মাকৰ খবৰ লৈ গ'লহি।অসমীয়াকেইঘৰতো ভাত খোৱাকৈ মাতি থৈ গ'ল ।মাকে লৈ যোৱা তিল পিঠা-লাড়ু আৰু তামোল খাই মানুহখিনিয়ে আবেগিক হৈ পৰিল ।আস..সা.. কিমান দিন যে আপোন ঠাইৰ প্ৰিয় বস্তুকেইবিধ খোৱা নাছিল !
তেওঁলোকে তাত বিহু , শংকৰদেৱ-মাধৱদেৱৰ জন্ম আৰু মৃত্যু তিথিৰ লগতে দুৰ্গা পূজা , দেৱালী , গণেশ চতুৰ্থী আদি উৎসৱসমূহ উদযাপন কৰে ।আটাইবোৰ ভাৰতীয়ই মিলিত হয় আৰু তেতিয়া এনে লাগে যেন যৌথ পৰিয়ালটোৰ আটাইবোৰ সদস্যই ঘৰ পালেহি ।উলাহত মানুহখিনিৰ হিয়া নধৰা হয় ।
এনে উৎসৱসমূহত সৰুধনে মাকক লৈ যায় আৰু মাকেও বৰ আনন্দিত হয় ।দুয়োটা নাতিৰ সতে আইতাকৰ বৰ মধুৰ সম্পৰ্ক ।এবাৰ নাতিনীজনীৰ স্কুলত লোক গীতৰ প্ৰতিযোগিতা থকাত আইতাকে শিকাই দিয়া বিহু গীতত তাই প্ৰথম স্থান পায় । আহিয়ে আইতাকক সাৱতি ধৰি চুমা খাই সুখবৰটো দিলেহি। অৱশ্যে তাই গীতৰ কথাখিনি গোৱাৰ আগতে হেনো সুন্দৰকৈ ইংৰাজীতে বাখ্যা কৰি দিছিল ।বিচাৰক মণ্ডলীয়ে গীতৰ কথা আৰু সুৰ শুনি অভিভূত হৈ তাইক প্ৰথম পুৰস্কাৰ দিয়ে ।তাকে দেখি নাতিল'ৰা মনে দৌৰি আহি আইতাকক কয়--"আইতা ,মোকো অসমীয়া কিবা এটা শিকাই দিয়া না ।"
"ঠিক আছে ,মোৰ মনত থকা বৰগীত এটাকে শিকাই দিম তোমাক । স্কুল আৰু আহি থকা শংকৰদেৱৰ জন্মোৎসৱত গাব পাৰিবা ।"
এই দেশখনৰ সৌন্দৰ্য্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাই মাকক বাৰুকৈ মুগ্ধ কৰে । কিন্তু ঠাণ্ডাটোহে সহ্য কৰা টান । মানুহবোৰ অতিপাত ভদ্ৰ ।কাজিয়া কৰাতো বাদে ডাঙৰকৈ কথা কোৱাই মাকে এদিনো শুনা নাই ।ইমান কৰ্মপটু ।কোনোৱে বহি নাথাকে ।
তথাপি মাকৰ নিজৰ আপোন ঘৰখনলৈ ,আপোন মানুহখিনিলৈ বৰকৈ মনত পৰে । কেতিয়াবা সন্ধিয়া পৰত চৰাইবোৰে কিৰীলি পাৰি বাহলৈ উৰি গ'লে মাকৰ মনত ভাব হয় চৰাইজাক চাগৈ অসমলৈ যাবগৈ ! তেওঁলোকৰ বাৰীখনত বাস কৰা কপৌকেইযোৰ ,বুলবুলি ,শালিকা ,দাউককেইটালৈ বৰকৈ মনত পৰে ।সদায় তেওঁ চতিয়াই দিয়া চাউল খাবলৈ সিহঁতকেইটাই পিছে পিছে ঘূৰি ফুৰে ।লখিমী নামৰ গাইজনী তেওঁ অহাৰ সময়ত গাভিনী আছিল । সিদিনা হৰিয়ে ফোনত কৈছিল যে তাই হেনো এটি ধুনীয়া বগা ৰঙৰ পোৱালী জগাইছে ।ছাগলীকেইজনীক হৰিৰ ঘৈণীয়েকে বাৰু সময়মতে পানী খুৱাই নে নুখুৱাই বা! পুখুৰীৰ মাছকেইজনীক আহাৰ দিবলৈ বাৰে বাৰে মাকে কৈ আহিছিল ।... ....গোটেই ঘৰখনলৈ তেওঁৰ মাজে মাজে বাৰুকৈয়ে মনত পৰে ! বোৱাৰীয়েকৰ লগত কেতিয়াবা গাঁৱৰ কথা পাতিলে শেষেই হ'ব নোখোজে !
এদিন সৰুধনক তেওঁ ক'লে --"বোপাই এবছৰে হ'ল ঘৰখন এৰি অহা ।অহা মাঘ বিহুত ঘৰলৈ গৈ কেইদিনমান থাকি আহোগৈ ব'ল । "
"বাৰু মা , চুটি পালে যামগৈ দিয়া ।তোমাৰো চাগৈ ঘৰখনলৈ বৰকৈ মনত পৰি আছে।"

সঁচাকৈয়ে সৰুধনে চুটি পালে আৰু গোটেই পৰিয়ালটো মৰমৰ ঘৰখনলৈ আহিবলৈ উৎসুক হৈ পৰিল ।এটা সময়ত সৰু গাড়ীৰে আহি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পালেহি ।ইয়াৰ পৰা তেওঁলোক কলকাতালৈ আহিব পাৰিব ।তাৰ পৰা অসমৰ নিজৰ অতি মৰম ঘৰখন পাবহি ।
বিমানত বহি মাকে চকুহাল মুদি মনে মনে ভাবিলে --" কিমান সৌভাগ্যবতী হ'লে মানুহে এনে মৰমীয়াল পুতেক-বোৱাৰীয়েক পাই বাৰু ! মই তাক গৰ্ভত ধাৰণ কৰা নাছিলোঁ কিন্তু এবছৰ বয়সৰ পৰায়ে বুকুৰ অকৃত্ৰিম মৰম-চেনেহ দি ডাঙৰ -দীঘল কৰিছোঁ ।"
আনফালে সৰুধনেও নিজৰ চিটখনত ভালকৈ বহিলৈ মনতে ভাবিছে --"নিজৰ জন্মদাত্ৰী মাতৃক দেখা মনত নপৰে ।অথচ এই মাতৃয়ে মোক কিমান যে চেনেহ দি ডাঙৰ কৰিলে!আনৰ ঘৰত ভূঁই ৰুই মোলৈ পঢ়া খৰচ দি পঠিয়াইছিল ।মোৰ পঢ়াৰ নামতে তেওঁ হাতৰ-কাণৰ সকলো গহনা বিক্ৰী কৰি দিছিল ।কিমান বেছি সৌভাগ্যবান হ'লে এনে এজনী মানুহক মাতৃ হিচাপে পাই বাৰু ! মোৰ বাবে মা পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠা ।"

Telephone

Website

Address


Delhi
110001

Alerts

Be the first to know and let us send you an email when ROHIT Hazarika posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Delhi.