R Mondal600
ধুবুৰী জিলা ছাত্ৰ মুক্তি কাৰ্য্যকৰী-সভাপতি
30/08/2026
নদীৰ ঢৌৰ সৈতে আজি মনটোৱেও অলপ জিৰণি ল’লে…
বন্ধুৰ সৈতে কটোৱা এই নিৰ্ভেজাল সময়খিনিয়েই হয়তো জীৱনৰ আটাইতকৈ ধুনীয়া অধ্যায়। 💦🌊❤️
25/08/2026
Good morning 🌄🌅🌄
23/08/2026
আংগুৰ ভাইৰ মৃত্যুৰ খবৰটো সঁচাকৈয়ে অতি দুখজনক। ৰাইজৰ দলৰ যুৱ বাহিনীৰ এগৰাকী সক্ৰিয় নেতা হিচাপে তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব।
তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ, আত্মীয়-স্বজন তথা সহকৰ্মীসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। 🙏🕊️
22/08/2026
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পঞ্চদশ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস
আজি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কাঠালদি কমিউনিটি হলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পঞ্চদশ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।
আজিৰ এই বিশেষ আৰু ঐতিহাসিক দিনটোত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসমৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত প্ৰতিগৰাকী অগ্ৰজ, সতীৰ্থ আৰু শ্ৰদ্ধাৰ শুভাকাংক্ষীলৈ জনালোঁ আন্তৰিক বৈপ্লৱিক অভিনন্দন আৰু ৰক্তিম শুভেচ্ছা।
২০১২ চনৰ ২২ আগষ্টত গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত সমগ্ৰ অসমৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ অনুষ্ঠিত ছাত্ৰ অভিৱৰ্তনৰ অন্তত এক সংগ্ৰামী ছাত্ৰ সংগঠন হিচাপে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জন্ম হৈছিল। জন্মলগ্নৰে পৰা অসমৰ শিক্ষাখণ্ডৰ বিভিন্ন মৌলিক সমস্যা, ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ আৰু সমাজৰ বিভিন্ন জ্বলন্ত সমস্যাক লৈ সংগঠনটোৱে ধাৰাবাহিকভাৱে সংগ্ৰাম কৰি আহিছে।
এই দীঘলীয়া আৰু কঠিন সংগ্ৰামী যাত্ৰা সম্ভৱ হৈছে অসমৰ ছাত্ৰ সমাজে দেখুওৱা অকুণ্ঠ সমৰ্থন আৰু সংগঠনৰ প্ৰতিগৰাকী সদস্যৰ অশেষ ত্যাগ, কষ্ট আৰু দৃঢ় সংগ্ৰামী মনোবলৰ বাবে।
এই ডেৰ দশকজোৰা সংগ্ৰামৰ পথত আমি কেইবাগৰাকীও সংগ্ৰামী সতীৰ্থক হেৰুৱাবলগীয়া হৈছে। বহু সতীৰ্থই চৰকাৰী নিৰ্যাতন সহিবলগীয়া হৈছে, কাৰাগাৰৰ বন্ধ কুঠৰীত দিন কটাবলগীয়া হৈছে। তথাপিও অন্যায়-অবিচাৰৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম কেতিয়াও থমকি ৰোৱা নাই।
বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনৰ পৰা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনলৈ, ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন শৈক্ষিক সমস্যাৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰ্যায়ৰ দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে সংগ্ৰামলৈ—ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে নিৰন্তৰভাৱে নিজৰ দায়িত্ব পালন কৰি আহিছে।
আজিৰ দিনত অসমৰ অন্যতম শক্তিশালী আৰু সংগ্ৰামী ছাত্ৰ সংগঠন হিচাপে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে নিজৰ এক সুকীয়া পৰিচয় প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
এই পঞ্চদশ সংখ্যক প্ৰতিষ্ঠা দিৱসত সংগঠনটোৰ গৌৰৱময় সংগ্ৰামী অতীতক স্মৰণ কৰাৰ লগতে আগন্তুক দিনত সংগ্ৰামখনক আৰু অধিক শক্তিশালী, সংঘবদ্ধ আৰু সুসংগঠিত ৰূপত আগুৱাই নিয়াৰ সংকল্প গ্ৰহণ কৰোঁ।
জীৱনত দায়িত্ববোধৰ শিক্ষা দিয়া, ৰাজনীতিৰ আদিপাঠ পঢ়োৱা, সাহস আৰু প্ৰেৰণাৰে জীৱন সমৃদ্ধ কৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এই পৱিত্ৰ মঞ্চখনলৈ শতকোটি প্ৰণাম।
সকলো সংগ্ৰামী সতীৰ্থলৈ ৰক্তিম অভিবাদন, আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।
ইনকিলাব জিন্দাবাদ।
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ। ✊🔴
14/08/2026
🇮🇳 ৮০তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা 🇮🇳
স্বাধীনতাৰ বাবে জীৱন উৎসৰ্গা কৰা বীৰ শ্বহীদসকলক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।
তেওঁলোকৰ ত্যাগ আৰু সাহসৰ আদৰ্শৰে এখন শক্তিশালী, শান্তিপূৰ্ণ আৰু ঐক্যবদ্ধ ভাৰত গঢ়াৰ সংকল্প লওঁ আহক।
শুভ ৮০তম স্বাধীনতা দিৱস 🇮🇳
জয় হিন্দ! 🇮🇳
09/08/2026
ভাল লাগিছে, কাৰণ কাপোৰৰ প্ৰতিটো ভাঁজতে তোমাৰ মৰমৰ অনুভৱ বিচাৰি পাওঁ। ❤️❤️
08/08/2026
Good morning
02/08/2026
Happy friendship day
এই ভিডিঅ'টো চোৱাৰ আগতে এবাৰ নিজৰ মাকৰ মুখখন মনত পেলাওক...
আজি অসমৰ বহু অঞ্চল বানপানীৰ তাণ্ডৱত বিপৰ্যস্ত। ক'ৰবাত মাকে সন্তানক হেৰুৱাই বুকু ভাঙি কান্দিছে, ক'ৰবাত সন্তান মাকৰ বাবে অপেক্ষা কৰি আছে, আন ক'ৰবাত এটা পৰিয়ালে জীৱনৰ সকলো সপোন পানীত উটুৱাই অসহায়ভাৱে সহায়ৰ অপেক্ষাত দিন কটাইছে।
😢 এই দৃশ্যবোৰ কেৱল এটা ভিডিঅ' নহয়—এয়া আমাৰ নিজৰ অসমৰ বুকুৰ বিষ, আমাৰ নিজৰ মানুহৰ কান্দোন।
🙏 যদি আপোনাৰ সামৰ্থ্য আছে, অনুগ্ৰহ কৰি বানপীড়িত লোকসকলক যিকোনো ধৰণে সহায় কৰক। যদি এতিয়া সহায় কৰিব নোৱাৰে, অন্ততঃ এই পোষ্টটো শ্বেয়াৰ কৰক। আপোনাৰ এটা শ্বেয়াৰে হয়তো সহায় আগবঢ়াব পৰা এজন মানুহৰ ওচৰলৈ এই আহ্বান কঢ়িয়াই নিব।
🤍 আহক, আমি সকলো মিলি আমাৰ আই-মাতৃ, ভনী-ভাই আৰু প্ৰতিটো বানপীড়িত পৰিয়ালৰ কাষত থিয় দিওঁ। দুখৰ সময়ত মানুহৰ কাষত থিয় দিয়াটোৱেই হৈছে আটাইতকৈ ডাঙৰ মানৱতা।
💙 প্ৰাৰ্থনা কৰোঁ—অসম পুনৰ হাঁহক, প্ৰতিটো ঘৰলৈ পুনৰ শান্তি, আশা আৰু সুখ ঘূৰি আহক। 🙏
#অসম #বান
এজন পিতৃৰ সন্মান কেৱল তেওঁৰ নিজৰ নহয়, তেওঁৰ সমগ্ৰ পৰিয়ালৰ সন্মান। তেওঁক সমাজত হেয় প্ৰতিপন্ন কৰি ঘৃণা আৰু বিদ্বেষ বিয়পোৱাৰ চেষ্টা কোনো সুস্থ চিন্তাধাৰাৰ পৰিচয় হ'ব নোৱাৰে। সমালোচনা তথ্য আৰু যুক্তিৰে হওক, কিন্তু ব্যক্তিগত সন্মানত আঘাত কৰা কেতিয়াও সমৰ্থনযোগ্য নহয়।
Category
Website
Address
Bilasipara
783348