Krishani's Mom

Krishani's Mom

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Krishani's Mom, Nagaon.

01/10/2026

৬মাহ থাকোতে আমাৰ ৰং ☺️

01/10/2026

Rong 🤩

30/09/2026

তেওঁলোকৰ কষ্ট বোৰ দেখি লিখিব মন গল 💐

কর্মফল সদায় মিঠাই হয়… ❤️
আজি তেওঁলোকৰ চকুত দেখা এই সুখৰ চকুপানীবোৰৰ আঁৰত আছে বহুদিনৰ কষ্ট, সংগ্ৰাম আৰু ধৈৰ্য। সহজে একো পোৱা নাযায়—কষ্ট কৰি আগবাঢ়ি যোৱাৰ পিছতহে সফলতাৰ সোৱাদ পোৱা যায়।

কেৱল চৰকাৰী চাকৰি পালেই জীৱন সফল হয়, এনে কোনো কথা নাই। শিক্ষা, পৰিশ্ৰম আৰু নিজৰ ওপৰত বিশ্বাস থাকিলে নিজৰ পথ নিজেই সৃষ্টি কৰিব পাৰি। শিক্ষিত স্বামী-স্ত্ৰীয়ে আজি ইমান কষ্ট কৰি নিজৰ সপোন পূৰণ কৰি এখন সুন্দৰ কাপোৰৰ বিপণী গঢ়ি তুলিছে।

আচলতে আটাইতকৈ ভাল লগা কথাটো হ’ল—নিজেই নিজৰ মালিক হোৱা। ❤️
সৰুৰ পৰা আৰম্ভ কৰিলেও, মনত সাহস আৰু কামত সততা থাকিলে এদিন সেই সৰু সপোনটোৱেই ডাঙৰ সফলতালৈ লৈ যায়।

সপোন দেখক, কষ্ট কৰক, নিজৰ ওপৰত বিশ্বাস ৰাখক—সফলতা এদিন আহিবই। 🌸✨

Krishani's Mom ✍️

30/09/2026

Gd night ( ৰং ৰ ডাঙৰ বায়েক)

30/09/2026

Gd morning

29/09/2026

Gd night

29/09/2026

২১ মহীয়া মোৰ সৰুজনী… 🥺❤️
এই বয়সতে কেতিয়াবা এনে লাগে, তাই যেন বহু কথাই বুজি পায়। মুখেৰে ভালকৈ ক’ব নোৱাৰে, তথাপিও তাইৰ প্ৰতিটো চাৱনি, প্ৰতিটো ইশাৰাই যেন সকলো কথা কৈ দিয়ে। তাই বুজাবলৈও চেষ্টা কৰে… আৰু আমিও তাইৰ সেই সৰু সৰু কথাবোৰ বুজিবলৈ চেষ্টা কৰোঁ। 🥹

আজিকালি তাই ভাইয়েকক এক মুহূৰ্তও এৰি নাথাকে। কোনোবাই ভাইয়েকক ল’বলৈ গ’লেও তাই ভয় খায়—“মোৰ ভাইটোক কোনোবাই লৈ যাব নেকি?” 😢❤️

দুয়োটা সদায় মোৰ feeding লৈ কাজিয়া কৰি থাকে… 😂 কিন্তু এতিয়া তাই সেইটোও বুজি পাইছে যে ভাইয়েকেও feeding লয়। সেয়ে ভাইটোৱে feeding ল’লেই তাইও কিবা এটা কৰি নিজৰ অংশটো লৈ লয়। 😄❤️

দেহি, কেতিয়া যে ইমান ডাঙৰ হৈ গ’লা তুমি! 🥺
মোৰ মনে সদায় কয়—তুমি এনেকৈয়ে মোৰ সৰুজনী হৈ থাকা…
ডাঙৰ নহ’বা দেই। 😢❤️

কলিজামণি, মাৰ লাহৰীজনী … তোমাক এনেকৈয়ে সদায় বুকুৰ মাজত ৰাখিব বিচাৰোঁ। ❤️🧿

Krishani's Mom 💞

Photos from Krishani's Mom's post 28/09/2026

আমাৰ ৰং দেই, বায়েকে দি দিছে এনেকে 😄

Telephone

Website

Address

Nagaon

Alerts

Be the first to know and let us send you an email when Krishani's Mom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Nagaon.