kaibya nandini

kaibya nandini

Share

গল্প ভালপাওঁ, মোৰ জীৱনৰ ইটো সিটো বহুতো।যদি মোৰ কথাবোৰ কাৰোবাৰ ভাল লাগে তেন্তে আগলৈ সহাঁৰি জনাই যাব।

26/08/2025

#মোৰ জীৱনৰ ধুমুহা জাকৰ কথা কবলৈ উলাইছোঁ 😭
1/11/2023 #
#খণ্ড,১: #আমাৰ জীৱনলৈ আমাৰ কণমানি জনি আহিছিল🥰
এই দিনটোতে । #বুধবাৰে ৰাতি ১০.৩০বজাত #।সকলো বোৰ ভালে ভালে হল । ৰাতিয়ে আমাক ডক্তৰে ঘৰলৈ পথাই দিলে। ৫দিনৰ দিনা সন্ধিয়া হঠাৎ তাই বমি কৰিলে বহুত বাৰ ,চকু মোদী টোপনিয়ে গৈ থাকে, গাখীৰ নোখোৱা হল ।আমি ভয় খাই লগা লগ তাইক জন্ম কৰোৱা ডাক্তৰ জনলৈ ফোন কৰিলোঁ,ডক্টৰজনে immediately শিশু spiceylist ক দেখাব কলে ।কিন্তু জন্মৰ চাৰি দিনৰ দিনা ছোৱালীজনীক মই হালধীয়া দেখি ঘৰৰ মানুহক কৈছিলো কিন্তু মোক ঘৰৰ মানুহে গালি পাৰি কলে বোলে শিশুৱে এতিয়া ৰং সলাই থাকে।বাৰু ।তাৰ পাছত আমি খৰ খেদাকৈ হোজাই নিলো যিহেতু ঘৰৰ পৰা ওচৰত হয় আৰু ঘৰৰ ওচৰৰে শিশু ডক্টৰ এজন থাকে হোজাই nursing home khont ডাক্তৰ জনৰ ফোন নম্বৰটো ঘৰৰ পৰা যাওঁতে (ডক্তৰ জনৰ ঘৰৰ পৰা);লৈ গৈছিলো।কিন্তু দুভাগ্য ডাক্তৰ জন নাছিল। ডক্তৰ জনলৈ ফোন কৰিলো তেওঁ কলে তেওঁ আহি পোৱাত অলপ দেৰি হব।ইফালে ছোৱালীক কোঁচ ত লৈ মই কান্দিছো আৰু কান্দিছোঁ
কাৰণ তাই মাত বোল একো নাই।চকু কেইটা মুদি থাকে। ডক্তৰ জনলৈ ৰৈ থাকিলেও দেৰি হব কাৰণ তাই বেছি হৈ গৈ আছিল।
মোৰ মানুহজনে ততা তইয়াকৈ দাদা এজনলৈ ফোন কৰি সকলো বোৰ কথা কলে তেওঁ আমাক immediate নগাওঁ নিবলৈ কলে।যিহেতু তেওঁ এখন হস্পিটেলত কৰ্মৰত।তেওঁ ওচৰত ডক্তৰ ৰহমান sir r numbertu আছিল। নামতো সম্পূৰ্ণ মনত নাই এতিয়া। hospital 🏥 ICU বিভাগত শিশু সকলক চাই।আমি sir লৈ ফোন কৰি কৰি গৈ আছো।যিহেতু তেতিয়া ৭/৮বাজি গৈছিল।আমি নগাঁও পুৱালৈ আৰু ২ঘণ্টা লাগিব sir ক লগ নাপাম বুলি গাৰিত গৈ গৈ কথা পাতি আছিলোঁ।ইফালে মোৰ কোঁচত ছোৱালী জনি কোঁচ খাই খাই আহিব ধৰিল ।যিহেতু ৰাতি হৈ আহিছিল তাই মুখ খন দেখা পোৱা নাছিলো বাবে ফোনটো উলিয়াই তাই মুখ খন চাও।আৰু ভগৱানৰ নাম লৈ লৈ মাথোঁ কন্দিছোঁ। গড়িত হনুমান চলিছা লগাই গৈছে।ডক্টৰ জনে ফোন কৰি সুধিছে আমি কৰ পালোঁ আমি মিছাই কওঁ যদি ডবকা পাওঁ নগাওঁ সোমাইছও বুলি কিয়নো তেওঁৰ ডিউটি শেষ হৈছিল ।দাদাজনে কোৱাৰ কাৰণেহে আমালৈ ৰৈছিল । ইফালে ছোৱালীজনী চাবৈ নোৱাৰি কোঁচ খাই খাই তাইৰ অৱস্থা বেয়া। মই বহুত ভই খাইছিলো তাইক হেৰুৱাম বুলি। Bahut likhilu ....বাকী খিনি কালিলৈ লিখিম # খণ্ড ২ #
#আপোনালোকে যদি মোৰ Page টো চাই আছে তেন্তে like, comment share kori agoloi aru likhi jaboloi sohai kore jen #

25/08/2025

#ভাল লগা #গায়িকা গৰাকীৰ লগত.

25/08/2025

#শুভ ৰাতি #বন্ধু বান্ধৱী সকল।

25/08/2025

মোৰ page tu follow kori dibo সকলোৱে।নতুন কৈ xulisu আপোনাৰ লোকৰ সহাঁৰি প্ৰয়োজন

25/08/2025

মোৰ জীৱনলৈ অহা ধুমুহা জাকৰ কথা আপোনাৰ লোকৰ লগত পাতিব বিচাৰোঁ😥

25/08/2025

গল্প মই ভাল পাওঁ। সেই মই মোৰ জীৱনৰ গল্প কেতিয়াবা আপোনালোকক শুনাম বুলি ভাবিছো যদি আপোনালোকে শুনিব বিচাৰে।💌🙏🙋

Category

Address

Hojai

Alerts

Be the first to know and let us send you an email when kaibya nandini posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Hojai.