Rafiqul Islam - General Secretary MSUA
সাধাৰণ সম্পাদক
(প্ৰশাসনিক)
মুছলিম ছাত্ৰ সন্থা, অসম কেন্দ্ৰীয় সমিতি
I got over 50 reactions on my posts last week! Thanks everyone for your support! 🎉
10/09/2026
কবিতাৰ ছন্দ, শব্দৰ মাধুৰ্য আৰু অনুভৱৰ অনন্য প্ৰকাশেৰে
অসমীয়া সাহিত্য জগতক সমৃদ্ধ কৰি থৈ যোৱা মহান কবি,
জ্ঞানপীঠ বঁটাৰে সন্মানিত কাব্যঋষি নীলমণি ফুকন দেৱৰ
আজি জন্মজয়ন্তীত তেখেতক মুছলিম ছাত্ৰ সন্থা, #মুছা’ৰ
তৰফৰ পৰা গভীৰ শ্ৰদ্ধাৰে সুৱৰিছোঁ।
— তেখেতৰ অনবদ্য সৃষ্টিৰাজিয়ে অসমীয়া সাহিত্যৰ ভঁৰাল
যুগ যুগ ধৰি আলোকিত কৰি থাকিব। শব্দৰ মাজেৰে জীৱন
প্ৰকৃতি আৰু মানৱীয় অনুভূতিক এক অনন্য ৰূপ দিয়া
এইগৰাকী মহান সাহিত্যিকৰ স্মৃতি আমাৰ বাবে চিৰস্মৰণীয়
মহান কবিগৰাকীৰ সৃষ্টিৰাজিলৈ সশ্ৰদ্ধ প্ৰণাম।
— #মুছলিমছাত্ৰসন্থা
📌 বিদেশী খেদাৰ নামত কেৱল বাচি বাচি মুছলমানসকলকে
টাৰ্গেট কৰি উচ্ছেদ কৰিছে এইখন চৰকাৰে
📌 মুছলমানৰ সৈতে বাৰম্বাৰ অন্যায় কৰিছে এইখন চৰকাৰে
📌 কেৱল মুছলমানকেই কিয় বাৰে বাৰে উচ্ছেদ কৰা হৈছে।
📌 হাৰে হিমজুৱে আমিও ভাৰতীয়, আমিও অসমীয়া।
📌 উচ্ছেদৰ বিৰুদ্ধে গুৱহাটীৰ ছচলত মুছলিম ছাত্ৰ সন্থা,
মুছা’ৰ শ শ প্ৰতিবাদকাৰীৰ প্ৰতিবাদ।
09/09/2026
যোৱা কালি গুৱাহাটী মহামান্য উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক
আমি মুছলিম ছাত্ৰ সন্থা, মুছা’ৰ তৰফৰ পৰা আন্তৰিকভাৱে
আদৰণী জনাইছোঁ। কাৰণ, বিদেশী চিনাক্ত কৰণৰ প্ৰক্ৰিয়া
নাগৰিকৰ তথ্য প্ৰমাণ ন্যায়ালয় আৰু আইনৰ বিধি
অনুসৰি হ’ব লাগে। প্ৰকৃত ভাৰতীয় নাগৰিকক যাতে
এনেকৈ বাৰম্বাৰ হাৰাশাস্তি কৰা নহয় তাৰে বাবে ন্যায়ালয়ে
প্ৰশাসনক কঠোৰ নিৰ্দেশনা প্ৰদান কৰিব লাগে।
08/09/2026
থানাৰ যিসকল গাঁও আৰক্ষী বাহিনীৰ President/Secretary
আছে, তেওঁলোকে হৈছে থানাৰ এক নম্বৰ দালাল। তেওঁলোকৰ
বিৰুদ্ধেও চৰকাৰে ব্যৱস্থা ল'ব লাগে।
08/09/2026
ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ পৱিত্ৰ জন্মজয়ন্তীত
মহান শিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
— তেখেতৰ কালজয়ী গীত, সুৰ আৰু কন্ঠৰ মানৱতাবাদী চিন্তাই
আজিও অসমীয়া জাতিৰ হৃদয়ত অনন্তকাললৈ অনুৰণিত হৈ আছে
অসমীয়া সংস্কৃতি আৰু সংগীত জগতলৈ তেখেতৰ অনবদ্য অৱদান
সদায় চিৰস্মৰণীয় হৈ ৰ’ব।
মহান শিল্পীগৰাকীৰ পৱিত্ৰ স্মৃতিত সশ্ৰদ্ধ প্ৰণাম। 🙏
08/09/2026
“১৯৫১ চনৰ আগত অসমত থকা বঙ্গমুলীয়া সংখ্যালঘু লোক
সকলকো খিলঞ্জীয়া হিচাপে ধৰা হ'ব” ।
— মুখ্যমন্ত্ৰী
Himanta Biswa Sarma
CMO Assam
পাইকানৰ উচ্ছেদত সংঘটিত হোৱা কৰুণ ঘটনাক লৈ
ক্ষুব্ধ হৈ উঠিছে মুছলিম ছাত্ৰ সন্থা । মোগলৰ বিৰুদ্ধে,
ব্ৰিটিছৰ বিৰুদ্ধে মুছলমান সকলেও যুঁজ দিছিল।
সংখ্যালঘু হোৱাৰ বাবেই কেৱল বাচি বাচি কৰা হৈছে
নেকি উচ্ছেদ ?
📌'পাইকানত উচ্ছেদৰ নামত বহু নিৰীহ মুছলমান
মানুহক অন্যায় কৰা হ'ল'
📌কেৱল মুছলমান হোৱাৰ বাবেই এইসকল লোকক
উচ্ছেদ কৰিলে'
📌'তেওঁলোকক পুনঃসংস্থাপন দিয়ক'
📌ভাৰতৰ স্বাধীনতা সংগ্ৰামত আমাৰো অৱদান আছে
📌পাইকানৰ উচ্ছেদ সংঘটিত হোৱা কৰুণ ঘটনাক লৈ
জাঙুৰ খাই উঠিছে #মুছলিম ছাত্ৰ সন্থা।
07/09/2026
“যেতিয়া এগৰাকী (IPS) বিষয়াই নিজেই প্ৰতিবাদকাৰীক
প্ৰহাৰ কৰা দেখা যায়, তেতিয়া সেয়া অতি দুখজনক
আৰু উদ্বেগজনক বিষয়। আৰক্ষীৰ পৰা যি নিৰপেক্ষতা,
সংযমতাৰ আৰু ন্যায়সংগত আচৰণ আশা কৰা হয়,
সেয়া যেন ক’ৰবাত হেৰাই যোৱা পৰিলক্ষিত হৈছে।
– ন্যায়াধীশ উজ্জ্বল ভূঞা, উচ্চতম ন্যায়ালয়
এনেধৰে এগৰাকী মুছলমান বৃদ্ধৰ মূৰৰ পৰা টুপী খুলি দিয়া
কাৰ্য্যক তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছোঁ।
Website
Address
781352
Alerts
Be the first to know and let us send you an email when Rafiqul Islam - General Secretary MSUA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.